top of page

বন্ধু আজি কোন বাটে

Updated: Aug 25, 2021

পলে অনুপলে মন উৰামাৰে সেই অতীতৰ সোনোৱালী দিনবোৰলৈ ।। আজি ক’ত হেৰাই গ’ল সেই দিনবোৰ ।। অতীতৰ স্মৃতিবোৰে আজি বৰকৈ আমনি কৰিছে ।। ক’ত বা গ’ল সেই সোণোৱালী দিন বোৰ, ক’ত বা হেৰালে সেই স্মৃতি বোৰ ।। অকলে নিজানত মনত পৰে পাৰ হৈ অহা ৰঙীণ দিনবোৰৰ কথা ।। অতীতক পাহৰি, বৰ্তমানক সাৱটি, ভৱিষ্যত ৰ সপোন দেখা সেই দিন বোৰৰ কথা ।। আন্ধাৰ কোঠাত, চিগাৰেটৰ ধুৱাৰ মাজত বিদেশত থকাৰ সপোন দেখা আৰু প্ৰেমৰ কথা পতা সেই সময় বোৰ চকুৰ আগত ভাহি আহে, মাজে সময়ে ।। ক্লাছৰ মাজত উকি মাৰি ভাল লাগিছিল যেতিয়া, গুৰুৰ ৰঙা চকুৰ ভয়ত সময়ত assignment দিয়ে ভাল লাগিছিল তেতিয়া ।। প্ৰতি দিনে কেৱল এটাই চিন্তা, কেতিয়া যে আহিব সেই শনিবাৰতো ।। কেতিয়া যে ভাল দৰে ১১৬ ৰুমত উজাগৰে কতাম এটা ৰঙীন ৰাতি, কিন্তু চিন্তা নাছিল কোনটো ব্ৰেণ্ড খুলিম ।। ক্লাছলৈ লৰা লৰি, আধৰুৱা assignment য়ে আছিল সেই সময়ৰ চিন্তা, আছিল মাথোঁ সপোন এজন সফল মানুহ হোৱাৰ ।। পলে অনুপলে মন উৰামাৰে সেই অতীতৰ সোনোৱালী দিনবোৰলৈ ।। আজি ক’ত হেৰাই গ’ল সেই দিনবোৰ ।। অতীতৰ স্মৃতিবোৰে আজি বৰকৈ আমনি কৰিছে ।। ক’ত বা গ’ল সেই সোণোৱালী দিন বোৰ, ক’ত বা হেৰালে সেই স্মৃতি বোৰ ।। অকলে নিজানত মনত পৰে পাৰ হৈ অহা ৰঙীণ দিনবোৰৰ কথা ।। অতীতক পাহৰি, বৰ্তমানক সাৱটি, ভৱিষ্যত ৰ সপোন দেখা সেই দিন বোৰৰ কথা ।। আন্ধাৰ কোঠাত, চিগাৰেটৰ ধুৱাৰ মাজত বিদেশত থকাৰ সপোন দেখা আৰু প্ৰেমৰ কথা পতা সেই সময় বোৰ চকুৰ আগত ভাহি আহে, মাজে সময়ে ।। ক্লাছৰ মাজত উকি মাৰি ভাল লাগিছিল যেতিয়া, গুৰুৰ ৰঙা চকুৰ ভয়ত সময়ত assignment দিয়ে ভাল লাগিছিল তেতিয়া ।। প্ৰতি দিনে কেৱল এটাই চিন্তা, কেতিয়া যে আহিব সেই শনিবাৰতো ।। কেতিয়া যে ভাল দৰে ১১৬ ৰুমত উজাগৰে কতাম এটা ৰঙীন ৰাতি, কিন্তু চিন্তা নাছিল কোনটো ব্ৰেণ্ড খুলিম ।। ক্লাছলৈ লৰা লৰি, আধৰুৱা assignment য়ে আছিল সেই সময়ৰ চিন্তা, আছিল মাথোঁ সপোন এজন সফল মানুহ হোৱাৰ ।। Welding ৰ ফিৰিংতিয়ে পোহৰ দিছিল তেতিয়া দেখা সপোন বোৰক, আনৰ বাবে অট্টালিকা বনাবলৈ শিকোঁতে নিজৰ এটা অট্টালিকাৰ সপোন দেখিছিলোঁ তেতিয়া ।। কি যে দিন আছিল, এতিয়া সেই দিনবোৰক অশ্ৰু হৈ বাগৰি আহে ।। ছাৰৰ গালি বোৰ মনত পৰে কেতিয়াবা, এতিয়া বিচাৰি পাওঁ সেই গালি বোৰৰ মাজত লুকাই থকা মৰম ।। সময় আৰু কলেজ খন পুৰণি হল, সপোন বোৰ পাহৰি গলো কি দেখিছিলোঁ, নিজকে এতিয়া বিচাৰি পাওঁ কেৱল নিজৰ স্মৃতিৰ মাজত ।। ঘূৰি যাবলৈ মন যায় আকৌ তাহানি দিনলৈ, হাঁহিবলৈ মন যায় আকৌ একেলগে ।। ছাৰৰ গালি বোৰ মনত পৰে কেতিয়াবা, এতিয়া বিচাৰি পাওঁ সেই গালি বোৰৰ মাজত লুকাই থকা মৰম ।। সময় আৰু কলেজ খন পুৰণি হল, সপোন বোৰো পাহৰি গলো কি দেখিছিলোঁ, নিজকে এতিয়া বিচাৰি পাওঁ কেৱল নিজৰ স্মৃতিৰ মাজত ।। ঘূৰি যাবলৈ মন যায় আকৌ তাহানি দিন বোৰলৈ, হাঁহিবলৈ মন যায় আকৌ একেলগে ।।

অনিমেষ শৰ্মা । ৩/০৮/২০২০


 
 
 

Comments


Post: Blog2_Post

Subscribe Form

Thanks for submitting!

  • Facebook
  • Instagram

©2021 by Effervescent Diary

bottom of page