top of page
Writer's pictureroshmi sarmah

মিতুৰ সপোন

মিতু এটি কণমানি মৰম লগা শিশু, মাক দেউতাক, ক'কাক- আইতাকৰ আলাখৰ লাড়ু । মাটিত থলে পৰুৱাই পায়, মূৰত থলে উকণিয়ে খায়। এনেহেন মৰমৰ মিতুয়ে বৰুষুণৰ বাবে বাহিৰলৈ ওলাব নোৱাৰি এটি মনোৰম ৰাতিপুৱা আগফালৰ বাৰাণ্ডাত ককাকৰ কোলাত বহি কিনো কথা পাতিলে, কিনো সপোন দেখিলে শুনোচোন আহক ------

অ' ককা অ' ককা

আহাছোন আহা

কোলাতে লৈ মোক

সাধু এটা কোঁৱা।


অ' ককা অ' ককা

চোঁৱাছোন চোঁৱা

ফুলবোৰে হাঁহি হাঁহি

কিনো কয় শুনা।


ৰিম্ জি্ম বৰুষুণে

নুপুৰ বজায়

চৰাইবোৰে নাচি নাচি

গান গাই যায়।


অ' ককা অ' ককা

আহাছোন আহা

কাগজৰ নাওঁ সাজি

খেলো আমি আহা।


সাধুকথাৰ পৰীজনীক

লওঁ বহুৱাই

নাওঁ বাই দুৰণিলৈ

যাওঁ আগুৱাই।


Written By Pronoti Sarma Baruah

30/08/21


Mrs Pronoti Sarmah is a school teacher, mother of two, who loves to write anything from fictional to non-fictional stories, Her favorite thing to do is to read books, write short stories, poem. For her writing is a way of express ones emotions, mould imagination into stirring tales that let you deep dive into the realm of one's own creative world.

61 views0 comments

Recent Posts

See All

Raindrops

Yorumlar


Post: Blog2_Post
bottom of page